0 votes
56 views
in General Knowledge by (15.2k points)
ব্যয় পদ্ধতিৰে জাতীয় আয় গণনা কৰোঁতে ল'ব লগা প্রয়োজনীয় সাবধানতাসমূহ আলোচনা কৰা।

1 Answer

0 votes
by (136k points)
 
Best answer
ব্যয় পদ্ধতিৰে জাতীয় আয় গণনা কৰোঁতে ল'ব লগা সাৱধানতাসমূহ হ'ল-

(i) মধ্যৱৰ্তী দ্ৰব্যৰ ওপৰত কৰা ব্যয় জাতীয় আয় গণনাত অন্তর্ভুক্ত নহয়।

(ii) গৌণ দ্রব্যসমূহৰ ব্যয় জাতীয় আয় গণনাৰ বাহিৰত থাকে।

(iii) হস্তান্তৰযোগ্য দেনাসমূহৰ বিপৰীতে কোনো উৎপাদন নহয় বাবে এইবোৰ জাতীয় আয় গণনাত অন্তর্ভুক্ত নহয়।

(iv) নিজৰ ব্যৱহাৰত থকা স্ব-উৎপাদিত চূড়ান্ত দ্রব্যসমূহ জাতীয় আয়ৰ অন্তর্ভুক্ত হ'ব লাগে।

(v) অংশ পত্ৰ আৰু বস্তুৰ ওপৰত কৰা ব্যয় জাতীয় আয় গণনাৰ বাহিৰত থাকিব লাগে।

(vi) উপাদান ব্যয়ত জাতীয় আয় গণনাৰ বাবে নিগুট পৰোক্ষ কৰ বাদ দিব লাগে।
...